মুখ্য পৃষ্ঠা
10/04/25
08:27
তই নাকান্দিবি তেজীমলা
© ৰাজু কলিতা
নিজান দুপৰীয়া বজাম বাঁহী ,
পাখি মেলি উৰিব
শালিকী হৈ তেজীমলা জনী !
বাৰীৰ ঢ়াপত তই ফুলিব নালাগে ,
বগাব নালাগে লাওঁ হৈ চালত ,
গৰখীয়া মই তোৰেই প্ৰেমিক ,
বাঁহী বজাম তই শুনাকৈ নিজানত !
মাহীআইৰ অত্যাচাৰে তোক জীয়াব
নিদিলে ,
সখীৰ বিয়ালৈ নাযাবি আৰু পাটৰ
কাপোৰ পিন্ধি ,
আঙঠা জুইয়ে তোকো পুৰিব ,
কান্দিবি আকৌ তই উচুপি-উচুপি !
নিজান বননিত ম'হৰ পিঠিত উঠি
বাঁহী বজায় তোকে মাতিম ,
শালিকী চৰাই হৈ উৰি-উৰি আহিবী
সোণালী সপোন আমি আকৌ ৰচিম !
মাহী আইৰ ভয়ত আৰু কান্দিব নালাগে
নালাগে ঢ়েকী শালত মুৰ গুজিব ,
শব্দময় পৃথিৱীত ব্যস্ত সমাগমে
তোৰ বিননি কেনেকৈ শুনিব ?
নাকান্দিবি তেজীমলা ইনাই বিনাই
নালাগে লাগিব জৰা হৈ বাৰীৰ চুকত ,
গৰখীয়া মই তোৰেই মৰমৰ
থাকিম একেলগে আমি ,
শালিকী হৈ উৰিবি আকাশত |
______15/07/14